নিশা অহা প্ৰলয়ংকাৰী ধুমুহাই তছ নচ কৰিলে বহুলোকৰ বাসগৃহ, ব্যৱসায় প্ৰতিষ্ঠান ইত্যাদি ।
তাণ্ডৱকাৰী ধুমুহাজাকে গোবিন্দপুৰ, পানী গাঁও আৰু গোৱাল গাঁওৰ বহু লোকৰ ঘৰ তথা ব্যৱসায় প্ৰতিষ্ঠান ভাঙিচিঙি লণ্ডভণ্ড কৰে। ইয়াৰ উপৰিও এই ধুমুহাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গছ উঘালি পৰা ফলত ধেমাজি-ঢকুৱাখনা সংযোগী গড়কাপ্তানি পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।
প্ৰায় ২০-২৫জোপাৰ ওপৰত গছ ভাঙি পথটোৰ ওপৰত পৰি থকাৰ বাবে সম্পূৰ্ণৰূপে যাতায়ত ব্যাহত হৈ পৰিছে।
ঢকুৱাখনাৰ পৰা ডিব্ৰুগড় অভিমুখী বহু বাছ পথছোৱা বন্ধ হোৱাৰ বাবেই উভতি যাব লগা পৰিস্থিতি সৃষ্টি হৈছে। পানীগাঁওস্থিত ৰেচম বিভাগৰ ফাৰ্ম খনত কমেও ৪০০জোপাৰ ওপৰত গছ ধুমুহাই বিধ্বস্ত কৰা দেখা যায়। বহুলোকে কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।