১৯৫২ চনৰ পৰা কংগ্ৰেছ, অসম গণ পৰিষদ, বিজেপিৰ নেতৃত্বত অসমত চৰকাৰ গঠন হৈছে৷ অসমীয়াই শ্ৰেষ্ঠ ৰাজ্যৰ সপোন দেখিলেও ৰাইজক প্ৰতিশ্ৰুতি দিয়া দলসমূহে এইক্ষেত্ৰত সফল হোৱা পৰিলক্ষিত হোৱা নাই৷যাৰ ফলত অসম ভাৰতৰ ভিতৰতেই সকলো দিশতেই পিছ পৰা ৰাজ্য হিচাপে চিহ্নিত হৈছে৷দেশৰ ভিতৰতেই পিছ পৰা অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যায়৷কেনেকৈ আমি অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম? এই প্ৰশ্নৰ উওৰ দিবলৈ চেষ্টা কৰিছে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰীয়ে তেখেতৰ ‘ অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপোন ’ নামৰ তৃতীয়খন গ্ৰন্থত ৷ গ্ৰন্থখনৰ এটা কপি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাততো অর্পণ কৰে সাংবাদিক গৰাকীয়ে।