🔴বছৰৰ প্ৰথমটো বানপানীত কলাইগাওঁৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন: 

Sponsored

द मून रेस्टॉरेंट एवं देव क्लासेज - बूंदी

द मून रेस्टॉरेंट एवं देव क्लासेज की ओर से समस्त बूंदी वासियों को रूपचौदस, धनतेरस, दीपावली एवं गोवर्धन पूजा की हार्दिक बधाइयाँ व शुभकामनाएं

🔴নোৱানৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰিছে বহুজনক:

↔️বিগত দুটা দিনত হোৱা বৃষ্টিপাতৰ ফলত উৎকট গৰমৰ পৰা সৰ্বসাধাৰণ ৰাইজে সকাহ লাভ কৰিছে যদিও আন একাংশ সন্মুখীন হৈছে আকস্মিক বানপানীৰ।‌ ভূটানৰ পাদদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত অন্যান্য নৈ সমূহৰ লগতে কলাইগাঁওৰ মাজেৰে প্ৰবাহিত নোৱানৈৰ বাঢ়নী পানীয়ে কলাইগাওঁ বিধানসভা সভা সমষ্টিৰ অন্তৰ্গত কেইবাঠাইতো বুৰাই পেলাইছে। নৈ খনৰ বানপানীৰ ঢলে কলাইগাওঁ টাউনৰ কিছু অংশৰ লগতে বজাৰ খোলা, কলাইগাওঁ আৰক্ষী থানাৰ সন্মূখভাগ, মঙ্গলদৈ ভুটিয়া চাং পথ,আদৰ্শ গাঁও, ২নং শিংৰিমাৰী, গৰবান্ধা চ'ক আৰু অন্যান্য সমীপৱৰ্তী এলেকাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। বিশেষকৈ নোৱানৈৰ মথাউৰি সম্পূৰ্ণ ৰূপে সুৰক্ষিত নোহোৱা বাবে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বছৰৰ প্ৰথমটো বানপানীত ৰাইজ ক্ষতিগ্ৰস্ত হৈছে। সংশ্লিষ্ট বিভাগ সমূহে ৰাইজৰ স্বাৰ্থক গুৰুত্ব নিদিয়াৰ প্ৰায়ে অভিযোগ উত্থাপিত হয়। ভুক্তভোগী সকলে জনপ্ৰতিনিধিৰ হস্তক্ষেপ কামনা কৰি বিভাগক দুৰ্যোগ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আহ্বান জনায়।

©SCNU-11062023

#NewsUpdate #flood #flooddamage #sarangapanicreation #kalaigaon #LocalNews