বিহালী সমষ্টিৰ অন্তৰ্গত শুকানসূঁতি প্ৰজা বস্তি প্ৰাথমিক বিদ্যালয়,লুহাইৰাম এম.ভি. স্কুল আৰু মধ্য টেলেঙ্গনীয়া প্ৰাথমিক বিদ্যালয়ত আৰ.আই.ডি.এফ. আচঁনিৰ অধীনত অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে প্ৰাক্তন মন্ত্রী তথা বিধায়ক ৰণজিৎ দত্তই। 

শুভ অনুষ্ঠানকেইটিত তেখেতক সঙ্গ দিয়ে বিহালী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীসকল, বিভাগীয় কনিষ্ঠ অভিযন্তা,মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক প্ৰমুখ্যে শিক্ষক আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল৷