অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত কৃষি বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো বিধানসভা সভা সমষ্টিৰ লেখীয়াকৈ কলাইগাঁও বিধানসভা সভা সমষ্টিৰ অন্তৰ্গত কেন্দুকলাই কৃষক উৎপাদন কোম্পানীলৈ সংযুক্ত চপোৱা যন্ত্ৰ প্ৰদান কৰা হয়। মূলত কৃষক উৎপাদন কোম্পানী Farmer Producer Company (FPC) লৈ আগবঢ়োৱা আধুনিক সংযুক্ত চপোৱা যন্ত্ৰৰ (Combined Harvester)সহায়ত অঞ্চলৰ কৃষক সকলৰ কৃষি ক্ষেত্ৰত মানৱ শক্তি হ্ৰাস কৰাৰ লগতে সময় ৰাহি কৰি সমগ্ৰ কৃষিৰ উৎপাদন কাৰ্য্যত বহুল অৰিহনা আগবঢ়াব। দৰং জিলাৰ কলাইগাঁওৰ সমীপৱৰ্তী টেঙাবাৰীত অনুষ্ঠিত এক অনুষ্ঠানত কলাইগাঁও বিধানসভা সভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োই কৃষক উৎপাদন কোম্পানী টোলৈ উক্ত যন্ত্ৰটি আগবঢ়ায় কয় "সংযুক্ত চপোৱা যন্ত্ৰৰ ব্যৱহাৰে কৃষক সকলক যথেষ্ট সকাহ প্ৰদান কৰাৰ উপৰিও শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা দিশত উজু আৰু উন্নত পৰিৱৰ্তন সাধন কৰিব।" দৰং ৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষক সকলৰ সৰ্বদিশত উন্নয়নৰ বাবে চৰকাৰৰ এয়া এক ধাৰাবাহিক প্ৰচেষ্টা বুলি প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত দৰং ৰ জিলা কৃষি বিষয়া জিতেন্দ্ৰ চহৰীয়া, কৃষি উন্নয়ন বিষয়া দ্বয় বিপুল ডেকা, জাবীৰ আহমেদ, সহ: কৃষি পৰিদৰ্শক হৰেণ নাথ ,ঔতলা গাঁও পঞ্চায়তৰ সভাপতি কৌশিক ডেকা প্ৰমুখ্যে অন্যান্য ব্যক্তি সকল উপস্হিত থাকে। হিতাধিকাৰী সকলে অসম চৰকাৰ,কলাইগাঁও সমষ্টিৰ বিধায়ক, জিলা উপায়ুক্ত আৰু জিলা কৃষি বিভাগ লৈ শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
SCNU -10062023/01