ৰাজ্যত অভাৱনীয় গ্ৰীষ্ম প্ৰভাৱত ব্যতিব্যস্ত হৈছে জনজীৱন।প্ৰকৃতিৰ এনে ভাৰসাম্য হীন অৱস্হাত পাৰাস্তম্ভৰ উৰ্ধমুখী গতিয়ে সকলোকে ত্ৰাহি মধুসূদন সোঁৱৰাইছে। অন্যান্য প্ৰান্তৰ লেখীয়াকৈ সমগ্ৰ দৰং জিলাতো ৰাইজে অনাহুত পৰিস্থিতিৰ সন্মুখীন হৈছে। বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক এনে পৰিবেশৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্য দৰংৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময়সূচী পৰিবৰ্তন কৰা হৈছে।‌ ৭ জুনত জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে স্বাক্ষৰিত এক নিৰ্দেশনা যোগে বিদ্যালয় প্ৰধান সমূহক নতুন সময়সূচী অনুসৰণ কৰিবলৈ জনোৱা হৈছে। সংশোধিত সূচী অনুসৰি প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ত ৰাতিপুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.১৫ বজালৈ আৰু উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাতিপুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ পাঠদান কাৰ্যসূচী চলিব।‌ইয়াৰোপৰি বিদ্যালয় প্ৰধানে ৰাতিপুৱাৰ প্ৰাতঃ সন্মিলন বিদ্যালয়ৰ ছাঁযুক্ত এলেকা বা বাৰাণ্ডাত অনুষ্ঠিত কৰাটো নিশ্চিত কৰিব। এই ব্যৱস্থা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব।অভিভাৱক সকলে জিলা উপায়ুক্তৰ এনে সময়োচিত পদক্ষেপত সন্তোষ প্ৰকাশ কৰিছে।

©SCNU-08062023/01