↔️৫ জুন ২০২৩ দৰং জিলা বাসীৰ বাবে এটা ঐতিহাসিক দিন । প্ৰায় একহাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে দৰং জিলাৰ বিভিন্ন উন্নয়ন মূলক আচঁনিৰ আধাৰশিলা স্থাপন/উদ্বোধন কাৰ্যসূচীত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

↔️মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ বিশেষ তৎপৰতাত বাস্তৱিক ৰূপ লাভ কৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্গত মঙলদৈ সেউজ বাইপাছ নিৰ্মাণৰ শুভাৰম্ভ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰ্চুৱেলি কৰা কাৰ্যৰ লগত সংগতি ৰাখি ছিপাঝাৰ ,মঙলদৈ, কলাইগাঁও, আৰু দলগাঁও বিধানসভা সমষ্টি সামৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

↔️মঙলদৈ মহাবিদ্যালয় খেলপথাৰত আয়োজিত "বিকাশৰ এদিন" কাৰ্যসূচী ৰ বিশাল জনসভাত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে " চৰকাৰে বিকাশৰ এই অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিবলৈ দৃঢ়প্ৰতিজ্ঞ। অনাগত দিনত ঐতিহাসিক ভাবে সমৃদ্ধ দৰং জিলাৰ লগতে ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত সমউন্নয়ণৰ দিশ ত্বৰান্বিত কৰা হ'ব।" 

↔️আজিৰ অনুষ্ঠানত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, হৰেনছিং বে', বিধায়কবৃন্দ ক্ৰমে বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী, দুৰ্গাদাস বড়ো, ম: মজিবুৰ ৰহমান, দৰছিং ৰংহাং, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

↔️উল্লেখযোগ্য যে প্ৰখৰ ৰ'দকো নেউচি ৰাইজৰ সঁহাৰি আছিল সৰ্বাত্মক।