ৰহা পোটাৰকচুবা নতুন প্ৰাথমিক বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী অনিমা কাকতি তামুলী ক আজি বিদায় সম্বৰ্ধনা জনোৱা ৰ লগতে এ+ গ্ৰেড প্ৰাপ্ত তিনিখন প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হয়।

         কপিলী শিক্ষা খণ্ড ৰ অন্তৰ্গত দিঘলীয়াটি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি অনুষ্ঠিত তথা চিআৰচিচি ৰুবুল কুমাৰ দাসে আঁত ধৰা বিদায় সম্বৰ্ধনা সভাত চলিত মাহৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহন কৰা ৰহা পোটাৰকচুবা প্ৰাথমিক বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী অনিমা কাকতি তামুলী ক শিক্ষক,শিক্ষয়ত্ৰী সকলৰ দ্বাৰা ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ,শৰাই,অংগবস্ৰ,গ্ৰন্থ ৰে বিদায় সম্বৰ্ধনা জনোৱা ৰ লগতে সভাত উপস্থিত শিক্ষা অধিকাৰী সমৰ বৰুৱা, ৰহা প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি ৰঞ্জিত কুমাৰ পাতৰ,শিক্ষয়ত্ৰী ৰুপা হাজৰিকা, অনিতা দেবী, শিক্ষক বলেন্দ্ৰ কুমাৰ নাথ,বিৰ্সা মোৰা,অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী প্ৰমিলা দেবী বিদ্যালয় ৰ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষক দেশেশ্বৰ বাংথাইয়ে সভা সম্বোধন কৰি অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী অনিমা কাকতি তামুলী ৰ দ্বাৰা শিক্ষা ৰ ক্ষেত্ৰত আৰু বিদ্যালয় লৈ দিয়া অবদান ৰ বক্তব্য ৰাখে আৰু সু স্বাস্থ্যৰ কামনা কৰে।লগতে সভাত এ+ গ্ৰেড প্ৰাপ্ত তিনিখন প্ৰাথমিক বিদ্যালয় ক্ৰমে ৰহা পোটাৰকচুবা নতুন প্ৰাথমিক বিদ্যালয়, ২৮৫ নং বগৰিগুৰি প্ৰাথমিক বিদ্যালয় আৰু লাওফুলাবৰী জনজাতি প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক, শিক্ষয়ত্ৰী সকলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি অভিনন্দন জনাই।সভাত বিআৰপি আয়ুব আলি, পোটাৰকচুবা নতুন  প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষা জান্টি ডেকাৰ লগতে শিক্ষক, শিক্ষয়ত্ৰী আৰু গনমান্য ব্যক্তি সকল উপস্থিত থাকে।