অসম মীন উন্নয়ন নিগম লিমিটেডত অবৈধভাৱে নিযুক্তি পোৱা ২১৭ জনে কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ তদন্ত কমিটীৰ৷ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ তদন্তৰ ভিত্তিত এইসকল কৰ্মচাৰীক বৰ্খাস্তৰ বাবে মীন উন্নয়ন নিগমৰ সঞ্চালকক নিৰ্দেশ মীন বিভাগৰ আয়ুক্ত সচিবৰ৷
২০২০-২১ বৰ্ষত অবৈধভাৱে নিযুক্তি দিয়া হৈছিল এই সকল কৰ্মচাৰীক৷ কোনো বিজ্ঞাপন, সাক্ষাত্কাৰ আদি অনুষ্ঠিত নকৰাকৈ মীন নিগমৰ কেইজনমান বিষয়াই নিযুক্তি দিছিল ২১৭ জন কৰ্মচাৰীক৷
অবৈধ নিযুক্তিৰ অভিযোগৰ পিছতে অতিৰিক্ত মুখ্য সচিব ছৈদিন আব্বাছীৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন হৈছিল৷ তদন্ত কমিটীয়ে সকলো তথ্য চালিজাৰি চাই নিশ্চিত হয় যে সম্পূৰ্ণ অবৈধভাৱে নিযুক্তি দিয়া হৈছিল এইসকল কৰ্মচাৰীক৷
ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইসকল কৰ্মচাৰীয়ে কাম কৰি আছে৷ অন্যায়ভাৱে বহু ঠিকাভিত্তিক কৰ্মচাৰীকো কৰা হৈছিল নিয়মীয়া৷ ৰমাকান্ত দেউৰী নিগমৰ অধ্যক্ষ হৈ থকাৰ সময়তে এই অবৈধ নিযুক্তি হৈছিল মীন নিগমত৷ সেই সময়ত পৰিচালন সঞ্চালক হিচাপে আছিল এন চি বসুমতাৰী আৰু অনুৰাধা শৰ্মা অধিকাৰী৷
এতিয়া প্ৰশ্ন হয় পূৰ্বৰ অধ্যক্ষৰ লগতে প্ৰাক্তন পৰিচালন সঞ্চালক কেইগৰাকী তদন্তৰ আওঁতালৈ আহিবনে নাহে?