শিৱসাগৰ নগৰত জিলা স্বাস্থ্যবিভাগৰ উদ্যোগত উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসত উপস্থিত থাকে নাজিৰাৰ মহকুমাধিপতি আয়ুসী জৈন।ভাৰত চৰকাৰৰ দিৱস। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত।কৰা এই কাৰ্য্যসূচীত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ ৰাজ্যিক পৰ্য্যবেক্ষক ডাঃ ভানুশইকীয়া অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া পৰিয়াল কল্যান বিভাগৰ ডাঃ চন্দ্ৰলেখা শইকীয়া স্বাস্থ্যবিভাগৰ নডেল বিষয়া দীপামনি শইকীয়া যুটীয়া স্বাস্থ্যসঞ্চালক ডাঃ ভূপন্দ্ৰ কুমাৰ দাসৰ লগতে জিলা স্বাস্থ্যবিভাগৰ বিষয়া কৰ্মচাৰী সকল ।লক্ষ্যনীয় যে সমগ্ৰ দেশৰ লগতে অসমৰ ২৩ খন জিলাত তিনিদিন ধৰি পলিঅ'প্ৰতিষেধকৰ বিশেষ ড'জ প্ৰদানৰ ব্যৱস্থা কৰিছে।সমান্তৰাল ভাৱে ষিৱহাগৰ নগৰৰ মাজ মজিয়াত।অৱস্থিত জয় দয়াল খেমকা মাতৃ সেৱা সদনত জিলাস্বাস্থ্যবিভাগৰ উদ্যোগত এই কাৰ্যসূচীৰ দিনটো শুভাৰম্ভ কৰা হৈছে বৰ্ণাধ্য আৰু গাম্ভীৰ্য্যপূৰ্ণ ভাৱে। আনুষ্ঠানিক ভাৱে এই পাল্‌চ পলিঅ' সেৱনকৰোৱাৰ প্ৰাকক্ষণত সকলোকে উদ্দ্যেশি আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতি বৰা হাজৰিকাই।