ঢকুৱাখনা আৰক্ষী গাঁওৰক্ষী বাহিনী সঁজাগতামূলক সভা।

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত ঢকুৱাখনা আৰক্ষীযে নাগৰিক সমাজত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আহ্বান জনায়।ঢকুৱাখনা আৰক্ষী আৰু গাঁৱৰক্ষী বাহিনীৰ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।বাহিনীৰ সম্পাদক গুন দাসৰ আহ্বান ক্ৰমে নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত সভাপতিত্বত কৰে গাঁৱৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ কমল বৰাই।থানা অন্তৰ্গত গৰিষ্ট সংখ্যাক গাওঁৰক্ষী বাহিনীৰ বিষয় ববীয়া উপস্থিত থকা সভাত ঢকুৱাখনা সদৰ থানা ভাৰপ্ৰাপ্ত বিষয়া নাৱজ্যোতি ৰায়ে বক্তব্য ৰাখি সমাগত স্বাধীনতা দিৱস ৰ আগে পিছে কোনো ধৰণৰ অশান্ত আৰু আইন শৃংখলা জনীত পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি আৰক্ষী সৈতে পৰ্ণ সহযোগিতাৰ আগবঢ়োৱা আহ্বান জনায়।সভাত উপস্থিত ঢকুৱাখনা মহকুমাৰ আৰক্ষী বিষয়া সৌমাৰজ্যোতি ভূঞাই বক্তব্য ৰাখি অনাগত সময়ত কোনো অজ্ঞাত কোটাঘাটকাৰীয়ে কুটাঘাট মূলক কাৰ্য যাতে সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন হোৱাৰ আহ্বান জনাই বাহিনীক।