নৱনিযুক্ত শিৱসাগৰ সদৰ থানাৰ আৰক্ষী বিষয়া দীপক সুত্ৰধৰক অগপৰ অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অসম যুৱ পৰিষদৰ জিলা সমিতিৰ বিষয় ববীয়াৰ লগতে এটি সঁজাতি দল গৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক সম্বৰ্ধনা জনায়।