# ঢকুৱাখনাৰ ফাটবিহু সমিতিৰ সংবাদমেল #

( ফাটবিহুৰ মঞ্চত হোৱা অপ্ৰীতিকৰ ঘটনাৰ বাবে সংবাদমেলৰ জৰিয়তে ক্ষমা ভীক্ষা ফাটবিহু সমিতিৰ)

 ভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় লোক কৃষ্টিৰ নিভাঁজ ঢকুৱাখনাৰ ফাটবিহু৷ বুধবাৰে আবেলি প্ৰায়

  ৪ বজাত ম’হঘূলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু তলীত যোৱা ১৩ মে’ দিনা নিশা সংঘটিত হোৱা ঘটনাক লৈ ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত এখন সংবাদমেল আয়োজন কৰে।

সংবাদ মেলৰ জৰিয়তে আয়োজক সমিতিয়ে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ১২,১৩ আৰু ১৪ মে’ তাৰিখে অনুষ্ঠিত কৰা ঐতিহ্যমণ্ডিত ফাটবিহুত দ্বিতীয় দিনা নিশা বৰদৈচিলা বিহুদলটি সৈতে ফাটবিহু বিহুৰ বিষয় ববীয়াৰ সৈতে এক অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ সন্দৰ্ভত সম্পূৰ্ণ তথ্য সকলোৱে উদ্দেশ্যি অৱগত কৰে।

সংবাদমেলৰ জৰিয়তে ফাটবিহু সমিতিয়ে জনায় যে ঘিলামৰাৰ বৰদৈচিলা নামৰ বিহুদলটিয়ে নিশা ১.৩০ বজাত হুঁচৰি প্ৰদৰ্শনৰ অন্তঃত সময় উকলিৰ যোৱাৰ পিছতো দলটোৱে হুঁচৰি মাৰি থকাত আয়োজক সমিতিয়ে মাইকযোগে ঘোষণা কৰি শৰাই আগবঢ়াই সেৱা লয় আৰু হুঁচৰি দলটোৱে আশীৰ্বাদ দিয়ে। 

ইয়াৰ পিছতে সংঘটিত হয় বিহুদল আৰু সমিতিৰ মাজত তৰ্ক, বিতৰ্ক কাজিয়া।

বৰদৈচিলা দলটিয়ে " কিয় বাৰে বাৰে ঘোষণা কৰ " বুলি ফাটবিহু মঞ্চত ফাটবিহু সমিতিৰ সম্পাদক, বিচাৰকৰ প্ৰতি অশ্লীল গালি গালাজ,শাৰীৰিকভাৱে অপদস্থ আৰু কটু বাক্য কৰা বুলি অভিযোগ উত্থাপিত কৰে।

ভবিষ্যতে ফাটবিহুৰ মৰ্য্যদা আৰু ঢকুৱাখনাৰ সন্মান যাতে অক্ষুন্ন থাকে তাৰে প্ৰতি সকলোৱে সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ কামনা কৰি অবাঞ্চিত ঘটনাৰ বাবে ফাটবিহু সমিতি আৰু উদযাপন সমিতিয়ে সংশ্লিষ্ট বিহু দলটিৰ লগতে সকলোৱে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।