মৰাণনগৰত অৱস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদালয়ত আজি নৱনিৰ্মিত পুথিভঁৰালৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে।মৰাণ উচ্চমাধ্যমিক বিদ্যালয়ৰ প্ৰতিস্থাপক ও প্ৰথম অধ্যক্ষ প্ৰয়াত সুৰেন্দ্ৰনাথ ভাগৱতীৰ সোঁৱৰণত পুথিভঁৰালটো নিৰ্মান কৰি উলিয়াইছে পৰিয়াল বৰ্গই। আজিৰ এই উদ্বোধনী অনুস্থানত মন্ত্ৰী যোগেন মহনৰ লগতে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল জেলিল , বৰ্তমানৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য্য পুথিভঁৰালৰ দাতা পৰিয়াল , বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী , পৰিচালনা সমিতিৰ সদস্য সকল উপস্থিত থাকে।