আজি মৰাণহাটত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিত গগৈয়ে কয় যে টাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল প্ৰৱঞ্চনা কৰি আহিছে। ২০২৪চনত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্য্যদা প্ৰদান নকৰিলে ৰাজ্যজুৰি বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱা হ'ব বুলি হুংকাৰ দিয়ে আটাছু নেতা দেৱজিত গগৈয়ে।
আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্য্যদা প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ গঢ়ি তুলিব সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে।

