ৰহাৰ স্বপ্নদ্ৰষ্টা, বিশিষ্ট শিক্ষাবিদ,অভিনেতা,সুবক্তা হিৰন্যনাৰায়ন বৰা ৰ স্মৃতি ত অহা ২১মে তাৰিখে ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত ব্যবস্থাপনা সমিতিৰ উদ্যোগত আৰু ৰহা ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

        শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুচাৰু পৰিচালনা ৰ বাবে ডম্বৰুধৰ শৰ্মাক সভাপতি, দুলাল পাটৰক উপ সভাপতি, মৃদুল হাজৰিকাক সাধাৰণ সম্পাদক, প্ৰহ্লাদ কুমাৰ মছৰং,লক্ষী প্ৰসাদ ডেকা, সঞ্জয় কুমাৰ কাকতিক সহ সম্পাদক হিচাপে লৈ এখনি ব্যবস্থাপনা সমিতি গঠন কৰা হৈছে। 

     সমিতিয়ে জানিব দিয়ে যে অহা ২১ মে ত পূবা ১০ বজাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন বিষয় শিক্ষক ইন্দ্ৰমোহন বৰাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভানেত্ৰী মনোৰমা ভুঞা ৰ দ্বাৰা হিৰন্যনাৰায়ন বৰা ৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে ১০.৩০ বজাৰ পৰা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ ভগবান চন্দ্ৰ গোস্বামী ৰ লগতে প্ৰমুখ্য অন্যান্য সকলৰ দ্বাৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হব।১১.৩০বজাৰ পৰা ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈৰ সঞ্চালনাত স্মৃতিচাৰন সভা অনুষ্ঠিত হব।ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ গুনহাস বৰাৰ দ্বাৰা উদ্বোধন কৰিব লগিয়া সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ডিমৰীয়া মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ ৰামচৰন ভঁৰালী।

       সমিতিয়ে সমুহ ৰাইজৰ উপস্থিতিৰ কামনা কৰিছে।