Panja league event/সোণাৰিত ৩৫ সংখ্যক পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত 

সোণাৰিত ৩৫ সংখ্যক পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত চৰাইদেউ জিলা পাঞ্জা সন্থাৰ উদ্যোগত কালি এখনি পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । সোণাৰিৰ পেচিফিক ফিজিকেল ক্লাবত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৮০ জন পাঞ্জা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত ল'ৰা, ছোৱালী আৰু মহিলা শাখাৰ ৫০ কেজিৰ পৰা ১০০ কেজি ওজনৰ ওপৰৰ শাখাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা প্ৰতিটো শাখাৰে মুঠ ২৬ গৰাকী ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচত হয়।সন্থাৰ উদ্যোগত পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচন কৰা হ'ব বুলি উদ্গোক্তাসকলে জানিবলৈ দিছে । প্ৰতিযোগিতাত বিচাৰক হিচাপে জিলা পাঞ্জা সন্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় বিচাৰক জীৱন ফুকন,মনোজ ঘোষ,অভিজিৎ বৰুৱা, বিদ্যুৎ বুঢ়াগোহাঁই, জ্যোতিপ্ৰসাদ বৰুৱা,চাহাবুদ্দিন আহমেদ উপস্থিত থাকে। ইফালে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে স্বপন কৰ,জয়ন্তী বৰুৱা, ৰিয়াজ আহমেদ, আব্দুল জাব্বাৰ,কপিল চাহানী আদি ।

ফলাফল -

চৰাইদেউ জিলা আন্তঃক্লাব আৰ্মৰেছলিং প্ৰতিযোগিতা

 জুনিয়ৰ ল’ৰাৰ ৫০ কেজি শাখাত ১ম ৰোহিত নায়ক।

২য় সঞ্জীৱ ৰায়।৩য় ডেমান লিম্বু

 জুনিয়ৰ ল’ৰা ৬০ কেজি শাখাত

 ১ম.আৰ্য্য বৰা.২য় চিন্টু বেইলিং। ৩য় টনময় বৰা

 জুনিয়ৰ ল’ৰা ৮০ কিলোগ্ৰাম শাখাত

 অভিষেক চৌবে।২য় সমুদ্ৰ চেতিয়া।৩য় সৌৰভ চেতিয়া।

পুৰুষ চিনিয়ৰ ৫৫ কিলোগ্ৰাম

 ১ম.ৰাম প্ৰধান.২য় ৰুহিত নন্দ.৩য় ৰাজেন্দ্ৰ পাছৱান

 পুৰুষ চিনিয়ৰ ৬০ কেজি

 ১ম আৰ্য্য বৰা ২য় পাৰ্থ ক্ষেত্ৰপাল।৩য় মনুজ বাৱৰী।

 পুৰুষ ৬৫ কেজি

 ১ম কামেশ তাঁতি।২য় চন্দ্ৰ বুঢ়াগোহাঁই।

 পুৰুষৰ ওজন ৭০ কিলোগ্ৰাম

 ১ম সাগৰ লিম্বু।২য় অজিত বাৱৰী।৩য় ৰাজীৱ কৰ্মকাৰ।

 পুৰুষৰ ওজন ৭৫ কেজি

 ১ম বিদ্যুত বুঢ়াগোহাঁই।২য় সঞ্জয় দাস

 পুৰুষ ৮০ কেজি

 ১ম সুমুদ্ৰা চেতিয়া ২য় জুন আহমেদ।৩য় বৰ্ণাদীপ ফুকন।

 পুৰুষৰ ওজন ৯০ কেজি

 ১ম মিন্টু বুঢ়াগোহাঁই।২য় মুন্না সাহানি।৩য় ছোচিন দাস।

 পুৰুষৰ ১০০ কিলোগ্ৰাম

 ১ম অভিজীত বৰুহ।২য় অভিষেক চৌবে।৩য় জ্যোতিময় দেৱ।

ছোৱালী ৫০ কেজি

 প্ৰথম স্থান মায়া শ্বেৰপা।২য় স্থান- সাৱলী চিত্ৰকৰ।

 মহিলা ৫০ কিলোগ্ৰাম

 ১ম চিৰিং শ্বেৰপা।

২য় পূৰ্ণিমা চিত্ৰকাৰ।