---টিহুৰ কঠালমূৰাত আজি গুৰুগৃহৰ শুভাৰম্ভ কৰাৰ লগতে মাতৃ দিৱস উদযাপন কৰা হয়। স্থানীয় ৰাইজৰ সহযোগত আৰু বিশিষ্ট সমাজকৰ্মী ড০ মহীধৰ পাঠকৰ নেতৃত্বত আয়োজিত এই কাৰ্যসূচী উপলক্ষে আজি গুৰুগৃহ প্ৰকল্প প্ৰাংগণত পতাকা উত্তোলন কৰে গুৰুগৃহৰ প্ৰতিষ্ঠাপক ড০ মহীধৰ পাঠকে , শুভবন্তি প্ৰজ্বলন কৰে সমাজসেৱিকা সূনীতি পাঠকে। ইয়াৰ পাছত এটি শিল্পী ঘন শৰ্মা ৰচিত আৰু পৰিচালিত এটি সমবেত সংগীতেৰে আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে বাপুজী মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষা ৰানু দাসে। তপন দাস আৰু মমী কলিতাই আতঁধৰা সভাখনত বিশিষ্ট অতিথিৰ ভাষণ দিয়ে টিহু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ জেউতি তালুকদাৰে , মুখ্য অতিথিৰ ভাষণ দিয়ে টিহু মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ মঞ্জুলা ডেকাই । গুৰুগৃহৰ প্ৰতিষ্ঠাপক ড০ মহীধৰ পাঠকে আদৰণি ভাষণ দিয়া সভাখনত টিহু,কঠালমূৰা, ক্ষেত্ৰাপাৰা, জলখানা, মাখিবাহা,হেলনা, সৰ্থেবাৰী আদি বিভিন্ন ঠাইৰ ২২গৰাকী নিৰ্বাচিত আদৰ্শ মাতৃক আদৰ্শ মাতৃ বেল্ট, আদৰ্শ মাতৃ স্মাৰক বঁটা, ফুলাম গামোচা, গছপুলি আদিৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় !

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं