পুনৰ ধৰ্ষণৰ বলি হল এগৰাকী কিশোৰী ৷ এইবাৰ ঘটনাৰ স্থান ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ১নং বৰঙাজুলি৷ একেখন গাঁৱৰে  দুই সন্তানৰ পিতৃ অমৰতন বিশ্বাস ওৰফে অমৃত বিশ্বাসে নামৰ পাশণ্ড  এটাই ধর্ষণ কৰে ১৪ বছৰীয়া কিশোৰী গৰাকীক। 

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

ধর্ষণৰ কথা ৰাজহুৱা কৰিলে হত্যাৰ ভাবুকি দিয়ে লম্পদ অমৰতন বিশ্বাস ওৰফে অমৃত বিশ্বাসে৷ ফলত কিশোৰী গৰাকী চাৰিমাহ অন্তঃসন্তা হোৱাৰ পিছত হে পোহৰলৈ আহে এই জঘন্য ঘটনাৰ কথা৷

ইতিমধ্যে কিশোৰী গৰাকীৰ পিতৃয়ে ৩ আগষ্টত ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজি পর্যন্ত অপৰাধী গ্রেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷ আৰক্ষীৰ এই ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ, বিভিন্ন দল সংগঠন ৷ 

সেয়েহে ধৰ্ষণকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী জনালে আদিবাসী ছাত্ৰ সন্থাই