অহা ইংৰাজী ৩ জুন তাৰিখে যোৰহাটৰ কাঠকটীয়া গাঁও বৰনামঘৰত প্ৰদৰ্শিত হব এভাগি মহাপুৰুষীয়া ভাওনা নৃসিংহ মুৰাৰী। সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ সন্মান লাভ কৰা শিল্পী সকলে অভিনয় কৰিব লগা ভাওনা ভাগি পৰিচালনা বিতোপন দত্তই। আৰু ভাওনা ভাগীৰ দোহাৰ পৰিচালনা কৰিব নিতু মণি বৰা বয়নে। এই ভাওনা ভাগিত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিব অসমৰ চলচ্চিত্ৰ জগতৰ সুদক্ষ অভিনেতা অতুল পাঁচনীয়ে। যোৰহাটৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত যোৰহাটৰ সাংবাদিক পিংকু বৰাৰ গৃহৰ পৰা আগবঢ়োৱা এই ভাওনা ভাগীত সমূহ যোৰহাট বাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে পৰিয়াল বৰ্গই।
যোৰহাটত ৩ জুন তাৰিখে প্ৰদৰ্শন হব নৃসিংহ মুৰাৰী ভাওনা । সদৌ অসম ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ শিল্পীৰ দ্বাৰা অভিনীত হব লগা ভাওনা ভাগীত অভিনয় কৰিব অসমৰ চলচিত্ৰ জগতৰ সুদক্ষ অভিনেতা অতুল পাঁচনীয়ে

