যোৱা এবছৰৰ পৰা জৰাজীৰ্ণ হৈ থকা দৰঙৰ খাৰুপেটীয়াৰ গাতে লাগি থকা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দূখন জৰাজীৰ্ণ দলঙৰ অৱশেষত মেৰামতি কৰিলে বিভাগে।
খাৰুপেটীয়া নিমতলী দলংখন কালি মেৰামতিৰ পিছতে আজি টাংনি নৈৰ দলংখন মেৰামতিত নামিল বিভাগে।
উল্লেখযোগ্য যে দলং খন বহু দিনৰ পৰা মেৰামতি নোহোৱাৰ ফলত গুৱাহাটী তেজপুৰ পথেৰে চলাচল কৰা যানবাহন সমূহে যমৰ যাতনা ভোগ কৰি আহিছিল।
 
  
  
   
   
  