ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে দেশত উদযাপন হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ চৰকাৰৰ আহ্বান মৰ্মে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো পালন কৰা হ'ব হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী৷ সমান্তৰালকৈ এই কাৰ্যসূচী সফলমণ্ডিত কৰিবলৈ টিংখাঙৰ খোৱাং কলৌলোৱা দেউৰী গাঁৱত সজাগতামূলক শোভাযাত্ৰা৷ কেইবাটাও মহিলা গ্ৰাম্য সংগঠনে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ "হৰ ঘৰ ত্ৰিৰংগা" ৰ শ্লোগানেৰে এক বিশাল শোভাযাত্রাৰ আৰম্ভ কৰে।

এই শোভাযাত্রাৰ শেষত আয়োজন কৰা সভাত "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ সম্পর্কে ৰাইজক অৱগত কৰা হয়। উক্ত সভাত খোৱাং জিলা পৰিষদৰ সদস্য চন্দন দেউৰী, খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ হাজৰিকা , আত্মসহায়ক গোটৰ ব্লক কৰডিনেটৰ ভাস্কৰজ্যোতি শৰ্মা, খোৱাং কলৌলোৱা গাওঁ পঞ্চায়তৰ সভাপতি দণ্ডিধৰ শইকীয়া উপস্থিত থাকে।