ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ৰ প্ৰধান শিক্ষক ভূপেন্দ্ৰ কুমাৰ দাসে ৩০ এপ্ৰিলত চৰকাৰী নিয়মানুসাৰে অৱসৰ গ্ৰহণ কৰাৰ লগতে মংগলবাৰে বিদ্যালয় ত আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়।

     এই উপলক্ষে মংগলবাৰে দিনৰ ১বজাৰ পৰা বিদ্যালয় ত পৰিচালনা সমিতিৰ সভাপতি কল্পনা বৰুৱা ৰ সভাপতিত্বত আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী অনুপ্ৰভা কোঁৱৰ ৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত হোবা বিদায় সম্বৰ্ধনা সভাৰ শুভাৰম্ভ ছাত্ৰ ভাস্কৰ কোঁৱৰৰ দ্বাৰা গীত পৰিবেশন কৰি কৰাৰ লগতে সদ্য অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ভূপেন্দ্ৰ কুমাৰ দাসক বিদ্যালয় ৰ সমুহ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ,ছাত্ৰী আৰু কৰ্মচাৰী সকলৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰহা আঞ্চলিক সমিতি,নগাঁও জিলা কৰ্মচাৰী পৰিষদ,নগাঁও জিলা পৰিক্ষা পৰিষদ, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ,নগাঁও জিলা হাইস্কুল শিক্ষক সন্থা, অসম অধি বিদ্যা পৰিষদ ৰ প্ৰতিনিধি সকল উপস্থিত থাকি ফুলাম গামোচা,জাপি,শৰাই,চেলেং,কীৰ্তন পুথি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা ৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতি শ্যামন্ত দাস,নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি কাতিবৰ চেঙা,নগাঁও জিলা হাইস্কুল শিক্ষক সন্থা ৰ প্ৰাক্তন সভাপতি মদন বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মনিৰাম নাথ, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি যগেশ্বৰ ৰাজখোৱা, ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক লক্ষী প্ৰসাদ ডেকা, নগাঁও জিলা হাইস্কুল শিক্ষক সন্থা ৰ সভাপতি ৰঞ্জিত শইকীয়া, নগাঁও জিলা সংমণ্ডল কাৰ্যালয় ৰ প্ৰাক্তন পৰিকল্পনা বিষয়া মিন্টু শৰ্মা,শিক্ষক দীপু দাস সভা সম্বোধন কৰি ভূপেন্দ্ৰ কুমাৰ দাসৰ দ্বাৰা বিদ্যালয় আৰু শিক্ষাৰ ক্ষেত্ৰত দিয়া অবদানৰ ওপৰত বক্তব্য ৰাখে।বিদায় সম্বৰ্ধনা সভাত অসম অতি বিদ্যা পৰিষদ ৰ সহকাৰী সম্পাদক মিজানুৰ ৰহমান,নগাঁও জিলা পৰিক্ষা পৰিষদৰ উপাধ্যক্ষ মহমদ ৰফিকুল ইচ্ছলাম, সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি ৰ লগতে বিভিন্ন বিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।