কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ থানাৰ অন্তর্গত মালিবাৰী গাঁৱত আজি পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ ৷

মালিবাৰিত যুৱকৰ মৃত দেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চালক্যৰ সৃষ্টি কৰিছে । মৃত যুৱকজনৰ নাম দিগন্ত ডেকা বুলি জানিবপৰা গৈছে ৷ কালি ৰাতিৰ পৰা ঘৰত নাছিল যুৱক জন ৷ পুৱা মালিবাৰি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত দিগন্ত ডেকাৰ মৃতদেহ উদ্ধাৰ হয়।মৃত দেহৰ কাষত ড্ৰাগছৰ কণ্টেইনাৰো পোৱা গৈছে । স্থানীয় লোকে মালিবাৰী অঞ্চলত এতিয়া ড্ৰাগছ আৰু ভাঙৰ ঘাটি গঢ় লৈ উঠিছে বুলি আৰক্ষীক অৱগত কৰিছে ৷ মৃত দিগন্ত ডেকা নতুনকৈ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা বুলি বহুতে সন্দেহ প্ৰকাশ কৰে ৷ আনহাতে একাংশ গঞাই এই ৰহস্যজনক মৃত্যুৰ ঘটনাক সহজভাৱে লব পৰা নাই ৷ তেওঁলোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে সন্দেহ প্ৰকাশ কৰে ৷ ঘটনা সন্দৰ্ভত

বাইহাটা চাৰিআলি থানা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷