তামুলপুৰত দ্বিতীয়টো বানে থানাবান কৰি যোৱা দুটা পৰিয়ালৰ আশ্ৰয় স্থলী বৰ্তমান পথৰ মাজত।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
ৰাজ্যৰ দ্বিতীয়টো বানে বহু অঞ্চলত থান বান কৰি যোৱাৰ লগতে তামুলপুৰ জিলাৰো বহু অঞ্চল ক্ষতিগ্ৰস্ত কৰি তুলিছে। জিলাখনৰ চাপাতল,চলিকান্দা, কেকেৰিকুছি, পূব গান্ধীবাৰী অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি। বানৰ সময়ত তামুলপুৰত মৃত্যুৰ সংখ্যা ৪ গৰাকীৰ। বহু স্থানত পথ সমূহ ভাঙি যোৱাৰ ওপৰিও কৃষকৰ খেতি মাটি বালিয়ে পুতি পেলাইছে। একে সময়তে ভুটানৰ পৰা অতি খৰস্ৰোতা ভাৱে সেই সময়ত বৈ অহা বাল্টি নৈৰ পানীয়ে নৈখনৰ দাঁতিকাষৰীয়া অঞ্চল সমূহতো যথেষ্ট প্ৰভাৱ পেলাইছিল।নৈ খনৰ সোঁত ইমানেই ভয়াৱহ আছিল যে বহু লোকৰ ঘৰ বাৰী মাটি উচন কৰি পেলোৱাৰ লগতে কেইবাখনো গাঁওৰ লোকক ভাবুকিৰ সৃষ্টি কৰি তুলিছিল। নৈ খনৰ প্ৰবল সোঁত আৰু খহনীয়াত ইতিমধ্যে নাগ্ৰিজুলিৰ ভালুকমাৰী গাঁওৰ দুটা পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিয়াত উপায়ন্তৰ হৈ তেওঁলোকে পথৰ কাষত চালি ঘৰ বনাই আশ্ৰয় লব লগা হৈছে। বান শেষ হোৱা প্ৰায় ডেৰ মাহ পাৰ হৈছে যদিও এতিয়াও ঘৰমুৱা হব পৰা নাই পৰিয়াল দুটা। নৈৰ বুকুত সকলো জাহ যোৱাৰ পিছত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে দুয়োটা পৰিয়ালৰ মাজত। বানৰ সময়তে বিটিচিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নৰ্জাৰীয়ে পৰিয়ালৰ দুটাৰ মাজত কিছু সাহায্য আগবঢ়াই যদিও বৰ্তমান তেওঁলোকৰ খবৰ লবলৈ আহৰি নাই স্থানীয় কোনো জনপ্ৰতিনিধিৰ। নৈৰ খহনীয়াত ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা পৰিয়াল দুটাৰ চলিবলৈ বৰ্তমান নাই কোনো পথ।পৰিয়ালটোৰ কণ কণ শিশু সহ দুৰ্বিসহ জীৱন যাপন কৰিছে দুটি পৰিয়ালে ৷ইতিমধ্যে নৈ খনৰ খহনীয়াত ভেটি মাটি,বাৰী বস্তি উচন হোৱাত কেইবাটাও পৰিয়ালে অইন ঠাইত গৈ ঘৰমাটি সাজিলে যদিও অতি দৰিদ্ৰ পৰিয়াল দুটি বেলেগ ঠাইত মাটি নথকাত বিগত দুমাহ ধৰি এনেদৰে পথৰ ওপৰত সামান্য টিনৰ চালি দি জীৱন যাপন কৰি আছে।