দেউলকুচি হৰ্খাব নাৰ্জাৰী প্ৰেক্ষাগৃহত ইউপিপিএলৰ কৰ্মী সভাত

তামূলপুৰ জিলা ইউপিপিএলৰ উদ্যোগত দেউলকুচিস্থিত হৰ্খাব নাৰ্জাৰী প্ৰেক্ষাগৃহত ইউপিপিএল দলৰ কৰ্মী সভা অনুষ্ঠিত হৈ যায়। কৰ্মী সভাত তামুলপুৰ জিলাৰ ইউপিপিএলৰ সভাপতি তথা তামুলপুৰ বিধানসভা সমষ্টিৰ এম.এল.এ জলেন দৈমাৰীয়ে সভাপতিত্ব কৰে। সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো,তামুলপুৰ জিলাৰ দায়িত্বত থকা ৩৬নং হৰিশিঙ্গা পৰিষদীয় সমষ্টিৰ এমছিএলএ সঞ্জয় স্বৰ্গীয়াৰী, এমছিএলএ তথা ইউপিপিএলৰ কেন্দ্ৰীয় কমিতিৰ সম্পাদক মাধৱ চেত্ৰী,৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এমছিএলএ পবিত্ৰ কুমাৰ বড়োকে ধৰি কেইবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে ৷ উক্ত সভাতে কেইবাজনো লোকে ইউপিপিএল দলত যোগদান কৰে

।