চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত কচুমাৰীত অৱস্থিত বহুমূখী ভৱনত আজি ভাৰতীয় জনতা পাৰ্টিৰ গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুস্থিত হয়।মাহমৰা গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী গীতামণি চিৰিং ৰ সভানেত্ৰীত্বত অনুস্থিত এই সভাখনত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। এই সভাত মন্ত্ৰী জনৰ লগতে বিজেপিৰ কাৰ্য্যনিৰ্বাহক সদস্য নৱ বৰুৱা , চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ সম্পাদিকা জুৰিমনি মহন, মাহমৰাগ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ প্ৰভাৰী বৰ্ণালী গগৈ সহ বহুসংখ্যক বিষয় ববীয়া আৰু দলীয় কৰ্মী উপস্থিত থাকে।
কচুমাৰীত বিজেপিৰ মাহমৰা গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক।সভাত কেবিনেট মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহন।
