ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাত সাফল্যৰ গোৰেশ্বৰৰ তাপস কুমাৰ দাসৰ।

ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাত সাফল্যৰ হাঁহি মাৰিলে তাপস কুমাৰ দাসে। বিশেষ ভাৱে সক্ষম তাপস কুমাৰ দাসৰ সাফল্যত আনন্দিত গোৰেশ্বৰবাসী। বাগসা জিলাৰ ৩ নং গোৰেশ্বৰৰ নিবাসী ভজন চন্দ্ৰ দাস আৰু ৰঞ্জিতা দাসৰ পুত্ৰ তাপস কুমাৰ দাস জন্মৰে পৰা আছিল দৃষ্টিহীন। সৰুৰে পৰা বহু কষ্ঠ স্বীকাৰ কৰি পিতৃ মাতৃয়ে তাপসক ডাঙৰ দীঘল কৰাৰ পিছত সদ্য ঘোষিত তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলে আনন্দ কঢ়িয়াই আনিছে পৰিয়ালটোলৈ। তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰা জন্মান্ধ তাপস কুমাৰ দাসে গুৱাহাটীৰ জ্যোতি নিকেতন নাৰেঙ্গীত প্ৰাথমিক শিক্ষা , খানাপাৰাৰ দহমাইলত খকা মন্টফ’ৰ স্কুলত মাধ্যমিক শিক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ একে স্কুললৰ পৰা উচ্চতৰ মাধ্যমিকৰ উৰ্ত্তীণ হয়। পিছত দিল্লীৰ হিন্দু কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । আৰু অল ইণ্ডিয়া কনফেডাৰেশ্বৰন অব দ্য ব্লাইণ্ডত কম্পিউটাৰ এপ্লিকেশ্বনৰ এক বছৰেকীয়া চাৰেটিফিকেট কোৰ্চ কৰে তাপসে। বৰ্তমান বেকিংৰ কোচিং কৰি আছে তাপসে বৰ্তমানেও দিল্লীত আছে যদিও নিজ গৃহলৈ আহি চাকৰিত যোগদান কৰিব বুলি পৰিয়ালৰ লোকে জানিব দিছে। ইপিনে তাপসৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গলৈ অভিনন্দন জ্ঞাপন কৰিছে গোৰেশ্বৰবাসীয়ে।