ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি অসমলৈ গৌৰৱ কঢ়িয়ালে নাজিৰা শিমলুগুৰিত নিৰ্মাণ কৰা চলচ্চিত্ৰ " চন্দ্ৰ সূৰ্য আদি"। শ্ৰেষ্ঠ কাহিনী-চিত্ৰনাট্যৰ শিতানত আৰু সম্পাদনা শিতানত ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিলে নাজিৰাৰ শিমলুগুৰিত সম্পাদনা কৰা অসমীয়া চলচ্চিত্ৰ "চন্দ্ৰ সূৰ্য আদি" নামৰ ছবিখনে । অসমীয়া ছবি "চন্দ্ৰ_সূৰ্য_আদি" য়ে আজি Film Festival Junction ৰ দ্বাৰা কলকাতাত অনুষ্ঠিত হোৱা GISFFA Season3-2023 ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০১৪ খন চলচ্চিত্ৰৰ মাজত শ্ৰেষ্ঠ চলচ্চিত্ৰ (Best film) ৰ লগতে Best Story, Best Director, Best DOP, Best Editor ৰ সন্মান লাভ কৰে।

বিশ্ব ঐতিহ্যত স্হান লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ৷ এই কাজিৰঙা তথা তাৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষা দিয়াটো একো একোখন সমাজৰ প্ৰতিনিধি হিচাপে সকলোৰে কাম্য৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল প্ৰকৃততে কাজিৰঙাখন সুৰক্ষিত হয়নে?, তাত থকা বন্যপ্ৰাণীসমূহে আজি সংকটৰ গৰাহত ৷ চোৰাংচিকাৰীৰ কবলত পৰি খৰ্গ কাটি গঁড় হত্যা কৰাৰ বাতৰিয়ে আজিও বাতৰিৰ শিৰোনাম দখল কৰি আছে৷ দিন ৰাতি কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মীসকলৰ যি ত্যাগ সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ ৷ গতিকে, এজন সাংস্কৃতিক কৰ্মী হিচাপে এইসমূহক জনসাধাৰণৰ ওচৰত তুলি ধৰাৰ এক প্ৰয়াসেৰে তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে  এক পৰিকল্পনা হাতত লৈ নিৰ্মৰণ কৰা এখন পূৰ্ণদৈৰ্ঘৰ কথাচবি নিৰ্মান কৰি উলিয়াইছে৷ বোলছবিখনে ২০২২ চনৰ ৮জুলাইত অসমৰ ছবি ঘৰলৈ আহিছিল। কাজিৰঙাৰ সুৰক্ষাৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এই কথাছবিখন ৷ উক্ত ছবিখনত অভিনয় কৰিছে কেইবাজনো নবীন প্ৰবীন অভিনেতা অভিনেত্ৰীয়ে৷ পৰিচালনা কৰিছে ৰমেন গগৈয়ে ৷ সংগীত দেৱজিৎ বহ্ম, প্ৰযোজনা ৰমেন গগৈ । কেমেৰা আৰু সম্পদনা নাচিৰুল হুচেইন | উক্ত ছবি খনে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰি অসমৰ লগতে শিৱসাগৰ জিলাৰ নাম জিলিকাই তুলিলে।