ৰহা যুৱক সংঘৰ উদ্যোগত অহা কালিৰ পৰা ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত দুদিনীয়া কাৰ্য্যসূচীৰে একবিংশতিতম ৰঙালী বিহু উৎসব ৰ শুভাৰম্ভ হব।

       ৰহা যুৱক সংঘ ৰঙালী বিহু উৎসব উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ নাথ আৰু সম্পাদক ৰুবুল কুমাৰ দাসে জানিবলৈ দিয়ে যে অহাকালি বুধবাৰে পূবা সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ নাথ ৰ দ্বাৰা পতাকা উওোলন আৰু কাৰ্য্যকৰি সভাপতি অমূল্য হাজৰিকাৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি দুদিনীয়া একবিংশতিতম ৰঙালী বিহু উৎসব ৰ শুভাৰম্ভ কৰাৰ লগতে ৯বজাত জেষ্ঠ প্ৰনাম আৰু  গ্ৰহণ।বিয়লী ২বজাৰ পৰা বিভিন্ন থলুবা খেল ধেমালী আৰু কুইজ  প্ৰতিযোগিতা।সন্ধ্যা ৭ বজাত সমুহ জেষ্ঠ উপদেষ্টা সকলৰ দ্বাৰা বন্তি প্ৰজ্বলন, ৭.৩০বজাত স্থানিয় শিল্পী সকলৰ সাংস্কৃতিক আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোবাৰ লগতে নিশা ৯বজাত সদৌ অসম ভিত্তিত মুকলি একক অসমীয়া সুগম সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব।

ৰঙালী উৎসৱ ৰ দ্বিতীয় দিনা ৪ মে তাৰিখে বিয়লী ২বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৩বজাৰ পৰা মহিলা সকলৰ দ্বাৰা আমোদজনক খেল ধেমালী প্ৰতিযোগিতা অনুষ্ঠিত হব।

সন্ধ্যা ৭বজাৰ পৰা বঁটা বিতৰনী অনুষ্ঠান ৰ লগতে ৭.৩০বজাত মঞ্চ উদ্বোধন কৰিব যুব উদ্যোগী তথা বিশিষ্ট সমাজকৰ্মী উৎপল বনিয়া।সন্ধিয়া ৮বজাৰ পৰা আমন্ত্ৰিত বিহু আৰু সাংস্কৃতিক দলৰ দ্বাৰা অনুষ্ঠান অনুষ্ঠিত হব।

নিশা ৯বজাত ৰঙেৰে এনিশাৰ উদ্বোধন ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কৰাৰ পাছত ৰঙেৰে এনিশা ৰ মুখ্য আকৰ্ষণ হব জনপ্ৰিয় কন্ঠশিল্পী গৌৰাংগ ৰাগ আৰু অপৰ্না ৰানী।

উদযাপন সমিতিয়ে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা ৰ কামনা কৰিছে।