লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনৰ লেখা আহ্বান

সোণাৰি, ২০ জুলাই: বীৰ লাচিত বৰফুকনৰ আগন্তুক ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশক্ৰমে চৰাইদেউ জিলা প্ৰশাসনে জিলাখনৰ লেখক, নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা মহান বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ আধাৰত যুগুত কৰা অথবা তেওঁৰ সৈতে জড়িত যিকোনো বিষয়ৰ লেখা আহ্বান কৰিছে।

লেখাসমূহ ১০০ ৰ পৰা ১০০০ শব্দৰ ভিতৰত হ'ব লাগিব। লেখাসমূহৰ পৰা ১০০ টা উন্নত মানৰ লেখা বাছনি কৰি সেইসমূহ জিলা প্ৰশাসনৰ চৰকাৰী ৱেবছাইট আৰু ফেচবুক পেজত আপলোড কৰা হ'ব। ইয়াৰে উৎকৃষ্ট ৫ টা লেখা বাছনি কৰি সাধাৰণ প্ৰশাসন বিভাগলৈ প্ৰেৰণ কৰা হ'ব। উৎকৃষ্ট মানৰ কেতবোৰ লেখাৰ বাবে লেখকক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীত পুৰস্কৃত কৰা হ'ব। নাগৰিক সকলৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লেখা প্ৰেৰণ কৰিবলৈ জিলা প্ৰশাসনে বিশেষভাৱে আহ্বান জনাইছে। 

উল্লেখ্য যে, অহা ১০ ছেপ্টেম্বৰৰ পিছত লাভ কৰা লেখা গ্ৰহণ কৰা নহ'ব। লেখাসমূহ নিকটবৰ্তী চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব। 

লেখা প্ৰেৰণ কৰা খামৰ ওপৰত "লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে" বুলি লিখি দিব লাগিব।