ৰহা আঞ্চলিক বহাগী মেলা উদযাপন সমিতিৰ দ্বাৰা ৪২ তম্ বহাগী মেলা উদযাপন ৰ প্ৰস্তুতি চলাই থকাৰ লগতে ১৯ তাৰিখে পতাকা উওোলন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি কাৰ্য্যসূচী ৰ শুভাৰম্ভ কৰে।
ৰহা আঞ্চলিক উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক শশীকান্ত দাস আৰু সম্পাদক সঞ্জীৱ হাজৰিকাই জানিব দিয়া মতে অহা ২৯ তাৰিখে দলিয় বিহু আৰু সদৌ অসম ভিত্তিত বিহু নাচনী প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ লগতে বিখ্যাত বৰপেটা ৰ আতচবাজী প্ৰদৰ্শন কৰা হব।
৩০ এপ্ৰিলত পূবা ১০ বজাত সাতুৰ প্ৰতিযোগিতা, সন্ধ্যা ৬ বজাৰ পৰা বঁটা বিতৰন অনুষ্ঠান আৰু নিশা ৯-৩০ বজাৰ পৰা বহাগী নিশা অনুষ্ঠিত হব।ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য জনসংযোগ,সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা দ্বাৰা উদ্বোধন কৰিব লগিয়া বহাগী নিশাৰ মুখ্য আকৰ্ষণ সুবাসনা দত্ত আৰু সঙ্গী সকলৰ গীতৰ শৰাই।