অসম মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ প্ৰতিনিধি সকলে অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাক তেখেতৰ বাসগৃহ স্থিত কাৰ্যালয়ত সাক্ষাৎ কৰে।

মৃদঙীয়া গায়ন-বায়নৰ সংৰক্ষণ, সংবৰ্ধন আৰু উত্তৰণৰ ক্ষেত্ৰত তেখেত সকলৰ সৈতে আলোচনা কৰে মন্ত্ৰী বৰাই। লগতে অসমৰ ভালে কেইটা জনগোষ্ঠীয় গ্রাম্য সমাজত মৃদঙীয়া গায়ন-বায়নে লোক-সংস্কৃতিৰ ক্ষেত্ৰখনত এক উল্লেখনীয় সাংস্কৃতিক ভূমিকা গ্ৰহণ কৰি আহিছে।

অসমীয়া জন-জীৱনৰ অতি অমূল্য আৰু সম্মানীয় সাংস্কৃতিক সম্পদ তথা 'দেৱবাদ্য' ৰূপে পৰিচিত মৃদঙীয়া গায়ন-বায়নক এক প্রাণবন্ত, সমৃদ্ধিশালী আৰু বিজ্ঞানসম্মত সাংস্কৃতিক প্রকল্প হিচাপে গঢ়ি তুলাৰ ক্ষেত্ৰত বিষয়া কৰ্মচাৰী সকলৰ সৈতে বাৰ্তালাপ কৰে।