চাহ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰক লৈ সোণাৰীত চৰকাৰক সমালোচনা অসম টি লেবাৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সন্তুোষ কুৰ্মীৰ চাহশ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত অসম টি লেবাৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সন্তুোষ কুৰ্মীৰ প্ৰতিক্ৰিয়া প্ৰকাশ সোণাৰীত। ১৯২৬ চনত শ্ৰমিক আইনকলৈ অসম টি লেবাৰ ইউনিয়ন নামে NSIT Uৰ অধীনস্থ শ্ৰমিক সংগঠনৰ নেতৃত্ব দি আহিছো।আৰু ১৯৫১চনৰ শ্ৰমিক আইনে ইতিমধ্যে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দুৰৱস্থা ঢুকি পোৱা নাই।তাৰবাবেই ১৯২৬ চনৰ শ্ৰমিক আইন চাহবাগিচা সমুহত প্ৰযোজ্য কৰিবৰ কাৰনে দাবী জনাই আহিছো আৰু শ্ৰম বিভাগত আজি বিশেষ ভাৱে চৰাইদেউ জিলাত আলোচনাত বহিলো।কেইবাখনো চাহ বাগিচাৰ নিৰ্লজ কাণ্ড বুলি ক'ব পাৰি ।চাহ বাগিচাৰ শ্ৰমিক সকলৰ প্ৰাপ্য অনাদায় নকৰাকৈ য়ে চাহ বাগিচা সমুহ লিজত দিয়াৰ কাম আৰম্ভ কৰিদিয়ে।লগত থাকে কোনোৱা।একাংশ জিলাৰ মুখ্য বিষয়া সকল আৰু ট্ৰেডইউনিয়নৰ নামত চাহমজদুৰ সংঘৰ লগত মিতিৰালি কৰি শ্ৰমিক সকলৰ প্ৰাপ্য অনাদায় কৰে আৰু অন্য মালিক বা কোম্পেনী ক হস্তান্তৰ কৰি আহিছে ।এইটো অতিকৈ দুখৰ বিষয় পি এল কৰ্তন কৰাহয় কিন্তু শ্ৰমিক সকলক পাৰ্মানেণ্ট কৰানহয়। পি এফৰ ধন জমাও কৰানহয়। চাহ বাগিচাৰ।শ্ৰমিক সকলক কেনেধৰনে ঠগবাজি কৰিব পাৰে। কোনোৱাই যদি এটুপি ড্ৰিংক কৰে তাৰ লাইফটোৱেই বেকাৰ কৰিদিব। ৰাজনীতি দলবিলাকৰ এনে নাটকীয় স্বভাৱ ।ইয়াৰ বহল ব্যাখ্যা কৰাৰ কোনো স্থল নাই বুলি ক'লেও বেয়া নহয়। অসমৰ শাসকীয় চৰকাৰ খনে যদি শ্ৰমিক শ্ৰেণীৰ সমস্যা সমাধান কৰাত বিফল হ'ব Definetly আমি প্ৰত্যাহ্বান জনাম