ঢকুৱাখনা মহকুমাৰ ঘিলামৰা সমীপৱতী  ধেমাজি জিলাৰ ১নং বৰহমথুৰিয়নী অংগণবাদী কেন্দ্ৰত খালি হৈ থকা সহায়িকা পদত স্থানীয় মহিলাৰ পৰিৱৰ্তে এলেকা বাহিৰ মহিলাক নিযুক্তি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি কেন্দ্রটোত সহায়িকা পদত নিযুক্তিৰ দিয়া মহিলাৰ গৰাকী বৰহমথুৰণি গাঁৱৰ স্থায়ী বাসিন্দা নহয়। বিবাহ সূত্ৰে তেওঁৰ গাঁও খনৰ আঁতৰত থাকে। অংগণবাদী কেন্দ্ৰটো ৰ অন্তৰ্গত মহিলাক নিযুক্তি দিয়াৰ পৰিৱৰ্তে বাহিৰৰ মহিলাক নিযুক্তি দিয়া কাৰ্য ক গৰিহণা দিছে। স্থানীয়মহিলাক নিযুক্তি দিবৰ বাবে বঞ্চিত মহিলা আৰু স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে।