ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষীয়ে শনিবাৰে নিশা মৰাণ মিৰিহুলাৰ পৰা এগৰাকী মহিলাক আটক কৰে। মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মহিলাগৰাকীক জিম্মাত লৈ তদন্ত কৰি আছে।
আৰক্ষীয়ে মহিলাগৰাকীক মৰাণ ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাযছিল আৰু মহিলাগৰাকীৰ আৰক্ষী থানালৈ লৈ জায । মহিলাগৰাকীৰ বিৰুদ্ধে গাঞ্জা অবধ্য কিনা বেচা অভিযোগ উত্থাপিত হৈছে কিন্তু এই বিষয়ে আৰক্ষীয়ে একো ক'বলৈ নিবিচাৰে । মৰাণ আৰক্ষীয়ে গোচৰটোৰ পুংখানুপুংখ তদন্তত নিয়োজিত হৈ আছে।