অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰহা শাখাই অহা১০ এপ্ৰিল ত এ দিনীয়া কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাই থকা হৈছে।

    ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মনোৰমা ভুঞা আৰু সম্পাদক বিনোবা ৰাজবংশীয়ে জানিবলৈ দিয়া মতে ১০ এপ্ৰিলত পূবা ৮.৩০বজাত শাখা সভাপতি মনোৰমা ভুঞা ৰ শাখাৰ পতাকা উওোলন আৰু কাৰ্যকৰী সভাপতি যতীন্দ্ৰ কুমাৰ পাৰৈয়ে বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱস ৰ শুভাৰম্ভ কৰাৰ লগতে উপ সভাপতি ভবেন চন্দ্ৰ দাসে স্মৃতি তৰ্পন কৰিব।

৯বজাৰ পৰা ১০ বজালৈ ৰহা পতঞ্জলি যোগ সমিতিৰ যোগাচাৰ্য ৰামনিবাস শৰ্মা আৰু টেহছিল প্ৰভাৰী তথা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ডা:লক্ষীধৰ দাসৰ সানিধ্যত যোগাসনৰ অনুশীলন আৰু স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান অনুষ্ঠিত হব।

১০বজাৰ পৰা ১১বজালৈ জ্যেষ্ঠ সকলৰ পৰম্পৰাগত খেল ধেমালী আৰু ১১বজাৰ পৰা ৰসাল আড্ডা, ১১.৩০ বজাত সাধাৰন সভা অনুষ্ঠিত হব। 

     ১বজাত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰিব।