Tihu, ULFA Pratistha Divas*
সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস । ১৯৭৯ চনৰ আজিৰ দিনটোতে (৭ এপ্ৰিল) জন্ম হৈছিল সহষ্ট্ৰ সংগঠন আলফাৰ । আজি আলোচনাপন্থী আলফাই কেন্দ্ৰীয় ভাবে টিহু নৱ-নিৰ্মান কেন্দ্ৰত পালন কৰে ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস । আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক অনুপ চেতীয়াই । ইয়াৰ পিছতে বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, উপ-সভাপতি প্ৰদীপ গগৈ, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী, সাংস্কৃতিক সম্পদিকা প্ৰনতি ডেকা সহ নেতৃবৃন্দই শ্বহীদ বেদীত পুষ্পাঞ্জলী প্ৰদান কৰে । আলফা নেতা দেৰহাগ্ৰা শৰণীয়াই আতধৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সমূহ বিজু ডেকা আৰু মুকুল পাঠকে নেতৃত্ব দিয়ে । প্ৰতিষ্ঠা দিৱসত অংশ লৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত আলফাৰ শান্তি চুক্তি চূৰান্ত পৰ্যায় পোৱা বুলি উল্লেখ কৰি কেবল স্বাক্ষৰ হ'বলৈ বাকী আছে বুলি জানিব দিয়ে । আলফাৰ শ্বহীদ পৰিয়াল সমূহকো সুবিধা দিব নোৱাৰা বুলি দুখ প্ৰকাশ কৰে আলফাৰ সম্পাদক অনুপ চেতীয়াই ।