চৰকাৰে জীৱন দায়িনী ঔষধৰ মূল্য ১২শতাংশকৈ বৃদ্ধি কৰাৰ সিদ্ধান্তক আজি পাটসাঁকোত দাবী জনালে ডিব্ৰুগড় জিলাৰ আছুৰ কাৰ্যনিৰ্বাহক সদস্য অংকিত গগৈয়ে।তেওঁ কয়যে এইটো অতি দুৰ্ভাগ্য জনক কথা কাৰণ যিখিনি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য বৃদ্ধি হৈ আছে , তেনেসময়ত চৰকাৰে ঔষধৰ দাম১২শতাংশ বৃদ্ধি কৰিছে।এই সিদ্ধান্তক আমি ইয়াৰ প্ৰতিবাদ জনাইছো।এনে বিলাক সিদ্ধান্তবাতিল কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছো। সাধাৰণ শ্ৰেণীৰ মানুহবিলাকৰ ওপৰত মাধমাৰ শোধোৱা এনে হঠকাৰী সিদ্ধান্ত কোনোপধ্যেই গ্ৰহনযোগ্য নহয়। এনেবিলাক।সিদ্ধান্তই প্ৰতীয়মান কৰিছে যে এই চৰকাৰ খন দুখীয়া সাধাৰণশ্ৰেণীৰ কাৰণে নহয় ।এইখন পুঁজিপতি আমোলাসকলৰ কাৰণেহে চৰকাৰ।আমি দুখীয়া সাধাৰণ শ্ৰেণীৰ লোক সকলৰ প্ৰতি সহমৰ্মিতা জনাবৰ কাৰনে চৰকাৰক দাবী জনাইছো।
চৰকাৰে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্তক আজি পাটসাঁকোত বাতিল কৰাৰ দাবী জনালে আছু জিলা নেতা অংকিত গগৈয়ে।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/04/nerity_2c15722e96c89aac6f1b0392e5469781.jpg)