: চুবুৰীয়া ৰাষ্ট্ৰ ভূটান চৰকাৰৰ গৃহ বিভাগৰ সঞ্চালক প্ৰধানে আজি সৌজন্য মূলক সাক্ষাৎ কৰে বাক্সা জিলাৰ উপায়ুক্তক ৷ বাক্সা জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি এখনি সভাৰ আয়োজন কৰি ভূটান প্ৰতিনিধিসকলক শৰাই, গামোছা আৰু জাপিৰে উষ্ম আদৰণি জনায় ৷ বাক্সা জিলা প্ৰশাসনৰ হৈ আজি বাক্সা জিলাৰ উপায়ুক্ত মাচাণ্ডা পাৰ্টিন, অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালী, আৰক্ষী অধীক্ষক ৰাজেন সিং সভাত উপস্থিত থাকে ৷ সভাৰ পাছত ভূটান প্ৰতিনিধিসকলে মুছলপুৰত স্থানীয় সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে ৷ ভূটানৰ প্ৰতিনিধি দলে সংবাদমেলত কয় যে অসম তথা বাক্সাৰ প্ৰাকৃতিক পৰিবেশ অতি সুন্দৰ ৷ দুয়ো দেশৰ সম্পৰ্ক পূৰ্বৰে পৰা বন্ধুত্বপূৰ্ন ৷ সকলোৱে পৰ্যটনৰ বাবে ভূটানলৈ আহক ৷ ইয়াৰ জৰিয়তে ভূটানৰ অৰ্থনীতি উন্নত হয় ৷ আমি সেয়াই বিচাৰো ৷ আমি অসম তথা বাক্সাৰ মাজেৰে অহা যোৱা কৰোতে কেতিয়াবা কাৰোবাৰ সৰু অসুবিধা হ'ব পাৰে তাৰ বাবে আমি দুখিত ৷
আজিৰ এই সৌজন্যমুলক সভাত ভূটান চৰকাৰৰ গৃহ বিভাগৰ সঞ্চালক দাসো টাচি পেনজোৰে , দাসো পাচাঙ দৰ্জি, দাগানা জিলাৰ অতিৰিক্ত উপায়ুক্ত জিগমে চিংগে, গৃহ মন্ত্ৰনালয়ৰ উপ সঞ্চালক চৰটেন নামগে, এচ এচ বিৰ ৬৪ বেটেলিয়েনৰ কামাণ্ডেন্ট আৰ কে সিং , উপ কমাণ্ডেন্ট প্ৰশান্ত গৌতম আৰু ২৭ নং বেটেলিয়েনৰ উপ কমাণ্ডেন্ট বিবেক কুমাৰ সিং উপস্থিত থাকে ৷