৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় শিৱসাগৰৰ ঐতিহাসিক স্থান সমূহত টুৰিষ্ট গাইড সকলে উৰুৱাইছে ৰাষ্ট্ৰীয় পতাকা।শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰ, শিৱদৌলৰ চৌহদত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে ।

তিৰংগা পতাকাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ লগতে দেশপ্ৰেম উদ্ধোধ্ব কৰি তোলাৰ মানসেৰে তথা ৰাইজক সজাগ কৰাৰ স্বাৰ্থত এই কাৰ্যসূচী ৰূপায়ন কৰে টুৰিষ্ট গাইড সকলে।