অহা ইং০৬-০৪ -২০২৩তাৰিখে হ'ব লগা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মৰাণ পৌৰসভাৰ অন্তৰ্গত ৰাজহুৱা ভৱনত এখন প্ৰস্তুতি সভাৰ আহবান কৰাহয়।
মৰাণ নগৰ মণ্ডলৰ সভাপতি অমৰদীপ ভাগৱতীৰ সভাপতিত্বত আয়োজন কৰা উক্ত কৰ্মশালাত মৰাণ নগৰ মণ্ডলত নিযুক্তি দিয়া সহ- প্ৰভাৰী নমিতা বুঢ়াগোঁহাই উপস্থিত থাকি বহুখিনি প্ৰয়োজনীয় বিষয় আলোচনা।কৰে। লগতে উপস্থিত থাকে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, মণ্ডলৰ সাধাৰণ সম্পাদক মনজিত বৰগোঁহাই, শক্তিকেন্দ্ৰৰ।আহ্বায়কশ্যাম গগৈ, কোষাধ্যক্ষ ত্ৰিদীপ গোস্বামী, ৫টা বুথৰ সভাপতি/সম্পাদক সকল, মণ্ডলৰ বিষয় ববীয়া, মৰাণ নগৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী পূৱালীগগৈ,অবিচি মৰ্চাৰ সভাপতিঅজয় ফুকনকে প্ৰমুখ্য কৰি দলীয় কাৰ্য্যকৰ্তাসকল।উপস্থিত থাকে।