- নতুন শিক্ষাবৰ্ষৰ আগমূহুৰ্তত চৰকাৰে বিদ্যালয় সমুহলৈ প্ৰদান কৰা পাঠ্যপুথি বিতৰনক লৈ আজি তীব্ৰ বিষোদগাৰ কৰে নিখিৱ বড়ো ছাত্ৰ সন্থা ( এৱছু ) আৰু বড়ো সাহিত্য সভাই ।
নতুন শিক্ষনীতিৰ আধাৰত চৰকাৰে ষষ্ঠ আৰু অষ্টম শ্ৰেনীত গনিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰি বিদ্যালয় সমুহলৈ পাঠ্যপুথি বিতৰনৰ ব্যৱস্থা হাতত লোৱাৰ সময়তে চৰকৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মুখ খুলিছে এৱছু আৰু বড়ো সাহিত্য সভাই ।
বাক্সা জিলাৰ বৰমাৰ এৱছুৰ কাৰ্যালয়ত সোমবাৰে বড়ো বুদ্ধিজীৱীৰ মাজত অনুস্থিত হয় পাঠ্যপুথিক লৈ এখন গুৰুত্বপূৰিন বৈঠক ।
বৈঠকত বড়ো সাহিত্য সভাৰ সাধাৰন সম্পাদক প্ৰশান্ত বড়ো ই চৰকাৰৰ নতুন শিক্ষানীতিক আদৰনী জনায় । কিন্তু নতুন শিক্ষানীতিৰ আধাৰত চৰকাৰে চৰকাৰী বিদ্যালয় সমুহলৈ প্ৰদান কৰা ষষ্ঠ আৰু অষ্টম শ্ৰেনীৰ বিজ্ঞান আৰু গনিত বিষয় ৰ পাঠ্যপুথি ইংৰাজী মাধ্যমত প্ৰকাশ কৰা বিষয় টোক সহজ ভাৱে লোৱা নাই বড়ো সাহিত্য সভাই ।
নতুন শিক্ষানীতিত মাতৃভাষাক অধিক গুৰুত্ব দিয়াৰ পাচতো গনিত , বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যম কৰি দিয়াৰ লগে লগে মাতৃভাষাক ধংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰে সংগঠনটোৱে । সেয়ে এই সিদ্ধান্ত বাতিল কৰি জাতীয় সংগঠনৰ লগত পুনৰ আলোচনাত বহি সিদ্ধান্ত গ্ৰহন কৰাৰ বাবে চৰকাৰক আহ্বান জনায় বড়ো সাহিত্য সভাই ।
বাইট -- সম্পাদক বড়ো সাহিত্য সভা
ইফালে বড়ো জাতীয় সংগঠন এৱছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই চৰকাৰৰ এই নীতিৰ তীব্ৰ বিৰোধীতা কৰে ।
মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত চৰকাৰে হঠাতে গনিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যত প্ৰকাশ কৰি চৰকাৰী বিদ্যালয়ত বিতৰনৰ ব্যৱস্থা কৰে । আছু ,এৱছু ,বড়ো সাহিত্য সভা ,অসম সাহিত্যসভাকে ধৰি জাতীয় সংগঠন সমুহে ইয়াৰে বিৰোধীতা কৰি আহিছিল । পৰৱৰ্তী সময়ত চৰকাৰে এই সংগঠন সমুহৰ লগত কেৱালানি আলোচনাত বহিছিল যদিও কোনো চুড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাছিল ।
জাতীয় সংগঠন সমুহে চৰকাৰৰ এই সিদ্ধান্তৰ পৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰ হব পৰা সমস্যাৰ সম্পৰ্কে জাতীয় সংগঠন বোৰে আঙুলীয়াই দিয়াৰ পাচতো চৰকাৰে গনিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যপুথি ইংৰাজী মাধ্যমত চপাই বিদ্যালয় সমুহলৈ বিতৰনৰ ব্যৱস্থা কৰে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি পাঠ্য পুথি বিতৰন বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায় । লগতে জাতীয় সংগঠন ,বুদ্ধিজীৱীক লগত যৌথ আলোচনাত বহি এটা সুস্থিৰ সিদ্ধান্ত লবলৈও চৰকাৰক আহ্বান জনায় নিখিল বড়ো ছাত্ৰ সন্থাই ।