অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ শাখাৰ অন্তৰ্গত থকা আটছা দুলিয়াবাম উপ-শাখা ,অসম চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত আৰু দুলিয়াবাম চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰাথমিক সমিতি গঠন কৰা হয় আৰু আধাতে স্কুল এৰি দিয়া ছাত্ৰ ছাত্ৰীক বিদ্যালয় মুখী কৰাৰ উদ্দেশ্যে 'চল যাব স্কুল' কাৰ্য্যসূচী ৰূপায়ন কৰা হয় । উক্ত কাৰ্যসূচীত সভাপতিত্ব কৰে মাৰ্লিন মুন্ডা ডাঙৰীয়ানি উদ্দেশ্য ব্যাখ্যা কৰে আটছা দুলিয়াবাম উপ-শাখাৰ সম্পাদক সমৰজিত তাঁতী ডাঙৰীয়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্ন আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত অনুপ কুমাৰ বৰাইক ডাঙৰীয়া , দুলিয়াবাম চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা গোৱালা বাইদেউ , আটছা মৰাণ শাখাৰ সভাপতি অংকুৰ দলৈ তছা , সম্পাদক পাৰ্থ প্ৰতিম গোৱালা , আটছা দুলিয়াবাম উপ-শাখা ৰ প্ৰাক্তন সভাপতি দীপাংকৰ নায়ক ডাঙৰীয়া ।