গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কাছমাৰী শাখা সাহিত্য সভাৰ সহযোগত "সাহিত্য দিৱস" পালন 

  

, গোলাঘাট ২৬ মাৰ্চ 

 গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কাছমাৰী শাখা সাহিত্য সভাৰ সহযোগত আজি কাচমাৰী জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱস

এক গাম্ভীয্য পৰিবেশত উদযাপন কৰা হয় । গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই । এই সভাত স্মৃতি চাৰণ আৰু বন্তি প্ৰজ্বলন কৰে জিলা সাহিত্য সভাৰ

উপ- সভাপতি গুণেন বৰাই ।। সভাখনি উদ্ধোধন

কৰে লক্ষ্মীবাৰী শাখা সাহিত্য সভাৰ সভাপতি যোগেন বৰাই । নিদ্দিষ্ট বক্তাৰ আসনৰ পৰা

শিক্ষাবিদ ক্ষীৰেন কাকতিয়ে দুয়োজন মহীৰোহৰ সাহিত্য প্ৰতিভা আৰু অসমীয়া ভাষা সাহিত্যলৈ তেখেত সকলৰ অমূল্য অৱদানৰ বিষয়ে সকলো দিশ সামৰি এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে । সভাত গোলাঘাট জিলা সাহিত্য সভাৰ বিষয়ববীয়া সুনীল কুমাৰ ৰাজগুৰুৱে ছাত্ৰ- ছাত্ৰী সকলৰ উদ্দেশ্যে এক ৰসাল বক্তব্য প্ৰদান কৰে আৰু ছাত্ৰ-ছাত্ৰী সকলক সাহিত্যৰথী বেজবৰুৱা আৰু মিত্ৰদেৱ মহন্ত আদিৰ দৰে অসমীয়া সাহিত্যক সকলৰ জীৱন আৰু সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায় আৰু তেখেত সকলে দেখুওৱা পথেৰে আগবাঢ়ি গৈ অসমীয়া সাহিত্য- সংস্কৃতি আগবঢ়ায় নিবলৈ অনুৰোধ জনায় । সভাত কুৰালগুৰি শাখা সাহিত্য সভাৰ সম্পাদক অজিত দত্তই বেজবৰুৱাৰ সৃষ্টি বিষয়ে বক্তব্য প্ৰদান কৰে ।