চিলাপথাৰৰ জলকীয়া সুঁতিত নতুনকৈ সংযোজন হ'ল ১৩২/৩৩ কে.ভি., ২x৩১.৫ এম ভি বিদ্যুৎ সংবহন উপ-কেন্দ্ৰৰ ৷ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই। নতুনকৈ স্থাপন কৰা কেন্দ্ৰটোৱে ধেমাজি জিলাৰ লক্ষাধিক ৰাইজৰ বিদুৎৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হৈছে । লগতে অঞ্চলটোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত APDCLৰ অস্হায়ী বৈদ্যুতিক কৰ্মচাৰী সন্থাই নিয়মীয়াকৰণক লৈ মন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে । উক্ত অনুষ্ঠানত লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা, স্থানীয় জোনাইৰ বিধায়ক ভুৱন পেগু , বিদুৎ সংমণ্ডলৰ মুখ্য প্ৰবন্ধক নবীন শ্ৰী বাস্তৱ উপস্হিত থাকি প্ৰায় দুই সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানত আজি সন্ধিয়া সমগ্ৰ বিশ্বৰ লগতে অসমতো নিশা ৮-৩০ বজাৰ পৰা ৯-৩০ বজালৈকে বৈদ্যুতিক পোহৰ পৰিহাৰ কৰি WWF- India ৰ সমৰ্থনত ধৰিত্ৰী ঘন্টা( Earth Hour) পালন কৰা কাৰ্য্যসূচীত ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं