গেলেকী দেওপানীৰ হাছেন আলী ওৰফে কুলাই আলী নামৰ ৩৮ বছৰীয়া ২ সন্তানৰ পিতৃয়ে অপহৰণ কৰে এগৰাকী ১৭ বছৰীয়া নাবালিকাক। ধৃত কুলাই আলীয়ে অপহৰণ কৰি লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে নাবালিকা গৰাকীৰ পিতৃযে।

অপহৰণ কৰি মৰাণলৈ আনি থৈছিল নাবালিকা গৰাকীক।

পিতৃৰ অভিযোগৰ ভিত্তিত গেলেকী আৰক্ষীযে মৰাণ আৰক্ষীৰ সহযোগত মৰানৰ পৰা আটক কৰে কুলাই আলীক। গেলেকী আৰক্ষীয়ে case no 15/23 u/s 366 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কুলাই আলীক গেলেকীলৈ লৈ যায়।