নিগমৰ বাগিছাৰ শ্ৰমিকৰ প্ৰতিবাদ 

 গোলাঘাট 

অসম চাহ নিগমৰ বাগিছা সমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ প্ৰাপ্য আদায় দিয়াৰ লগতে ভাৰতীয় চাহ মজদুৰ সংঘৰ লগত হোৱা আলোচনাৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰাৰ দাবীত আজি গোলাঘাট জিলাৰ নিগমৰ অধীনস্থ বিভিন্ন চাহবাগিচাত শ্ৰমিক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অন্যান্য চাহ বাগিছাৰ লগতে মিছামৰা চাহ বাগিছাৰ শ্ৰমিক সকলেও বাগিছা খনৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে। পাছত শ্ৰমিক সকলে নিজৰ দাবীৰ সমূহ পূৰ্ণ কৰাৰ বাবে উপযুক্ত ক এক স্মাৰক পত্ৰ প্ৰদান কৰে।