বাক্সাৰ বৰমাত বিজেপি নেতা তথা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে উপস্হিত হৈ ৰাহুল গান্ধীৰ পদ খাৰিজক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ভাৰতবৰ্ষ এখন গনতান্ত্ৰিক দেশ । এই দেশত সকলো কাম গনতন্ত্ৰৰ মাধ্যমেৰে হয় । গনতান্ত্ৰিক দেশ এখনত ন্যায়পালিকাৰ ব্যবস্থাও আছে । গতিকে ৰাহুল গান্ধীক ন্যায়পালিকাই দোষী সাব্যস্ত কৰি সাংসদ পদ খাৰিজ কৰিছে বুলি মন্তব্য কৰে জেষ্ঠ অধিবক্তাগৰাকীয়ে । ইয়াত ৰাজনৈতিক অভিসন্ধিৰ কোনো কাৰণ থাকিব নোৱাৰে বুলি দোহাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আহ্বান জনায় কংগ্ৰেছক । কংগ্ৰেছে যদি ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে মাত মাতে তেতিয়া সমাজত ন্যায়পালিকাৰ প্ৰতি বিশ্বাস সেইটো নোহোৱা বুলি কয়।

বাক্সা জিলাৰ বৰমাৰ শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞ ৰ ধৰ্মলোচনী আৰু স্মৃতিগ্ৰন্হ উন্মোচনী সভাত উপস্হিত থাকে জেষ্ঠ অধিবক্তা বিজন মহাজন। জেষ্ঠ অধিবক্তা গৰাকীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সন্দৰ্ভত বৰমাত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া জনায়।