লোকবাদ্যৰ পৰা পশ্চিমীয়া সংগীতৰ বাদ্যলৈকে । কি বজাব নাজানে কিশোৰজনে । ১৬ বিধ বাদ্য বজোৱাত পাৰ্গত তেওঁ । গোলাঘাটৰ এই প্ৰতিভাবান কিশোৰ জনৰ সন্দৰ্ভত চাওক এই প্ৰতিবেদন । চৌদিশে নেতিবাচক খবৰৰ মাজতে এটা উৎসাহজনক বাতৰি । আনে যোৱা বাটেৰে নোযোৱা লৰাজন । এও গোলাঘাটৰ ভাৰ্গৱ ভৰদ্বাজ কটকী । একাদশ শ্ৰেণীৰ ছাত্ৰ ভাৰ্গৱে অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে সংস্কৃতিৰ নিৰলস সাধনা । অসমীয়া লোক বাদ্য বজোৱাত পাৰ্গত ভাৰ্গৱ । ঢোল, খোলৰ পৰা আৰম্ভ কৰি পেপা ,বাঁহি , দোতোৰা, টোকাৰী, নেগেৰা,মেলদিকা, কাহন, আদি কৰি মুঠ ১৬ বিধ বাদ্য বজোৱাত পাৰ্গত । গোলাঘাট বিবেকানন্দ বিদ্যালয়ৰ ছাত্ৰ ভাৰ্গবে নিজৰ পঢ়া-শুনাৰ সমান্তৰালকৈ চলাই গৈছে এই সংস্কৃতিৰ এই সাধনা । গোলাঘাট বিপিন ফুকন নগৰৰ বাবুল কটকী আৰু দিপ্তী কটকীৰ একমাত্ৰ সন্তান ভাৰ্গৱে এই বাদ্য সমুহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰত উৰিষ্যা, ডেৰাদুন, মথুৰা আদিতো বজাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ উদ্যোগত হ'বলগীয়া বিহুৰ বিশ্ব ৰেকৰ্ডৰ অনুস্থানত ঢোল বজাব ভাৰ্গৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi govt school vice principal in dock after harassment plaints
The Directorate of Education (DoE) has initiated disciplinary proceedings against the vice...
মৰিগাঁও কৃষি চক্ৰত ৩৬০ হেক্টৰ মৰাপাট নষ্ট
মৰিগাঁও জিলাৰ কৃষি বিভাগৰ মৰিগাঁও কৃষি চক্ৰত ৩৬০হেক্টৰ মৰাপাট নষ্ট
ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ
তেজপুৰৰ দ'বেছেৰীয়া কলিতা গাঁৱত এগৰাকী ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক কেন্ম্ৰ কৰি উত্তপ্ত...
कालपुरिया विद्यालय में स्वच्छता पखवाड़े के तहत हुआ पोस्टर प्रतियोगिता का आयोजन
बून्दी। राजकीय उच्च माध्यमिक विद्यालय कालपुरिया में शनिवार स्वच्छता पखवाड़ा 2024 मनाया...